Search This Blog

Tuesday 30 June 2020

Morning shows the day.

Sunday 14 June 2020

সাম্প্ৰতিক পৰিস্থিতিৰ সত্য ঘটনাৱলী - ১

কুৱাৰেনটাইন চেন্টাৰত নিয়ম মাফিক দিন থকা আৰু testing report ঋণাত্মক অহাৰ পিছত চৰকাৰী ব‍্যবস্হা অনুসৰি পৰিবহন যোগানেৰে তাইৰ লগত আৰু বহুতক ঘৰলৈ পঠোৱাৰ প্ৰক্ৰিয়া হল। সকলো ঠায়ে ঠায়ে নামিল। শেষ ঠাইত দুগৰাকী নমাৰ সময়ত চালকক কৈ গল যে লাস্ট চিটৰ আগফালে এগৰাকী ছোৱালী লুকাই আছে। চালকে ধমক মাৰি সোধাত তাই কান্দিয়েই কলে, দাদা মই ৪০ কিলমিটাৰ আগতেই নামিব লাগিছিল কিন্তু মোৰ কোনো নাই, মা নাই, নাই দেউতা, দাদা বৌৰ ঘৰত থাকে আৰু মোক তাত সোমাব নিদিয়ে কাৰণ মই কুৱাৰেনটাইনত আছিলো যে। 

চালকে মুৰে কপালে হাত দি একো উৱাদিব নাপাই আকৌ ছোৱালীজনীক সূধিলে, কত যাবা এতিয়া ? 

তাই উত্তৰত কোনোবা কুৱাৰেনটাইন চেন্টাৰত থকাৰ ইচ্ছা কৰিলে, কিন্তু সেয়া চালকৰ এক্তিয়াৰৰ বাহিৰত। 


শেষত যেনিবা ফোনাফোনি কৰি আকৌ প্ৰায় ৩০ কিলোমিটাৰ ৰাস্তাৰে আনি তাইক কোনোবা সম্বন্ধীয় মানুহৰ ঘৰত ৰাতি ২ বজাত থৈ গলহি চালকে তাকো এখন বাছত। 


আমাৰ কবলগীয়া :।
১/ সত্য ঘটনাৰ আলমত। 
২/ ভাল মানুহ এতিয়াও আছে নহলেনো দুপৰ নিশা এখন বাছত এগৰাকী ছোৱালী এজন চালকৰ সৈতে প্ৰায় ৩০ কিলোমিটাৰ আহি নিৰাপদে ঘৰ সোমাইনে ?
৩/ সামাজিক প্ৰাণী হিচাপে মানুহ আৰু সমাজে social taboo এৰাই চলাটো উচিত নহলে কাহানিও এনে ঘটনা নঘটিলেহেতেন যত ছোৱালী গৰাকী, চালক আৰু সম্বন্ধীয় লোকৰ যথেষ্ঠ উৎকণ্ঠা আৰু সমস্যা বাঢ়িছিল। 

Saturday 6 June 2020

ৰোহিত আৰু অভিনবৰ কথাৰে

দুজন অসমীয়া ফুলকুমলীয়া লৰাৰ মহানুভতা ভৰা journey কথা লিখি আছো। almost শেষাংকত পাইছো। মই নিজৰ ব্লগত publish কৰি আছো অতি সোনকালেই। tune with my blog. 

Sunday 24 May 2020

Introductory Note {আৰম্ভণি টোকা}

স্বাগতম সকলোলৈকে। 
এই ব্লগত মই সেই কাৰ্যৰ বিষয়ে লিখিম যিয়ে এক অগতানুগতিক কিম্বা অলপ বেলেগ ধৰণৰ কিম্বা প্ৰতিভা বিকাশৰ চাক্ষুষতা বহন কৰা যেন অনুভৱ হয়। প্ৰগতিমুলক কাৰ্যকো স্থান দিয়া হব। নিজস্ব ভাল লগাবোৰক অবশ‍্যেই আওকাণ কৰা নহব। যিকোনো ধৰণৰ ভাল লগা কথা সম্পূৰ্ণ তথ্যসহ, আৰ.ডি. কৰি লিখাৰ প্ৰয়াস কৰা হব। 
পুটুং-পাটাংকে, তলৰ খিনিক সামৰাৰ পৰিকল্পনা কৰিছো। 
১. ৰোহিত-অভিনব হতৰ অগতানুগতিক চিন্তা
২. আলিবাট বনোৱাৰ আঁঁৰৰ কথা
৩. এজন প্ৰকাশকৰ জখলা বগোৱাৰ অভিজ্ঞতা
৪. মাজুলীৰ ভাস্কৰৰ কথা
৫. এগৰাকী খেলুৱৈৰ পৰ্বতাৰোহণৰ পিছত শিক্ষয়িত্ৰী হোৱাৰ হেপাঁহ
৬. মনজিতৰ চিত্ৰাংকন
৭. এগৰাকী শিক্ষাবিদৰ জীৱন গাথাঁ
৮. উচ্চ শিক্ষিত অসমীয়া যুবকৰ স্ব-সংস্হাপনৰ কাহিনী
৯. অন্তৰা-বেদিকাহতৰ কথা
                                                    আৰু অনেক....

Welcome to all.
I will write about all those activities which features exceptionality, something different or promising for rising talent in my blog. Due place will be accorded to the developmental activities. I will never ignore about my likes and hobbies. All will be elaborated with data & facts with R.D.