Search This Blog

Tuesday, 30 June 2020

Morning shows the day.

Sunday, 14 June 2020

সাম্প্ৰতিক পৰিস্থিতিৰ সত্য ঘটনাৱলী - ১

কুৱাৰেনটাইন চেন্টাৰত নিয়ম মাফিক দিন থকা আৰু testing report ঋণাত্মক অহাৰ পিছত চৰকাৰী ব‍্যবস্হা অনুসৰি পৰিবহন যোগানেৰে তাইৰ লগত আৰু বহুতক ঘৰলৈ পঠোৱাৰ প্ৰক্ৰিয়া হল। সকলো ঠায়ে ঠায়ে নামিল। শেষ ঠাইত দুগৰাকী নমাৰ সময়ত চালকক কৈ গল যে লাস্ট চিটৰ আগফালে এগৰাকী ছোৱালী লুকাই আছে। চালকে ধমক মাৰি সোধাত তাই কান্দিয়েই কলে, দাদা মই ৪০ কিলমিটাৰ আগতেই নামিব লাগিছিল কিন্তু মোৰ কোনো নাই, মা নাই, নাই দেউতা, দাদা বৌৰ ঘৰত থাকে আৰু মোক তাত সোমাব নিদিয়ে কাৰণ মই কুৱাৰেনটাইনত আছিলো যে। 

চালকে মুৰে কপালে হাত দি একো উৱাদিব নাপাই আকৌ ছোৱালীজনীক সূধিলে, কত যাবা এতিয়া ? 

তাই উত্তৰত কোনোবা কুৱাৰেনটাইন চেন্টাৰত থকাৰ ইচ্ছা কৰিলে, কিন্তু সেয়া চালকৰ এক্তিয়াৰৰ বাহিৰত। 


শেষত যেনিবা ফোনাফোনি কৰি আকৌ প্ৰায় ৩০ কিলোমিটাৰ ৰাস্তাৰে আনি তাইক কোনোবা সম্বন্ধীয় মানুহৰ ঘৰত ৰাতি ২ বজাত থৈ গলহি চালকে তাকো এখন বাছত। 


আমাৰ কবলগীয়া :।
১/ সত্য ঘটনাৰ আলমত। 
২/ ভাল মানুহ এতিয়াও আছে নহলেনো দুপৰ নিশা এখন বাছত এগৰাকী ছোৱালী এজন চালকৰ সৈতে প্ৰায় ৩০ কিলোমিটাৰ আহি নিৰাপদে ঘৰ সোমাইনে ?
৩/ সামাজিক প্ৰাণী হিচাপে মানুহ আৰু সমাজে social taboo এৰাই চলাটো উচিত নহলে কাহানিও এনে ঘটনা নঘটিলেহেতেন যত ছোৱালী গৰাকী, চালক আৰু সম্বন্ধীয় লোকৰ যথেষ্ঠ উৎকণ্ঠা আৰু সমস্যা বাঢ়িছিল। 

Saturday, 6 June 2020

ৰোহিত আৰু অভিনবৰ কথাৰে

দুজন অসমীয়া ফুলকুমলীয়া লৰাৰ মহানুভতা ভৰা journey কথা লিখি আছো। almost শেষাংকত পাইছো। মই নিজৰ ব্লগত publish কৰি আছো অতি সোনকালেই। tune with my blog.